প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰিব ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱালে। ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পিছত নেতৃত্বই ৰাজ্যৰ বাঘজৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকা কি হব তাক লৈ চৰ্চা আৰম্ভ হৈছিল।
ইফালে মোডী কেবিনেটৰ সম্প্ৰসাৰণ অতি শীঘ্ৰে কৰা হব বুলি জানিব পৰা গৈছে। যাৰ ফলশ্ৰুতিত মোডীৰ মন্ত্ৰীসভাত কেইবাখনো নতুন মুখ দেখা পোৱা যাব। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সন্তুষ্ট কৰি ৰাখিবলৈ মোডী কেবিনেটত তেওঁক কোনো এক বিভাগৰ দায়িত্ব প্ৰদান কৰা হব বুলি খবৰ প্ৰকাশ পাইছে।
উল্লেখ্য যে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰি বিজেপিয়ে অসমত বিশাল জয়লাভ কৰিবলৈ সক্ষম হৈছিল। এক বলিষ্ঠ ব্যক্তিত্বৰ অধিকাৰী তথা জাতীয় নায়ক খ্যাত সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে দুবছৰ কাল মোডী কেবিনেটত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।