মোডীৰ জনসভাৰ পৰা ১৮০ কিলোমিটাৰ নিলগত ৰাহুল গান্ধী…

65

ডিজিটেল ডেস্কঃ বিহাৰত আজি দুই মহাৰথীয়ে বজাইছে নিৰ্বাচনী ৰণশিঙা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগত লৈ প্ৰথমবাৰ আজি নিৰ্বাচনী প্ৰচাৰ চলাইছে বিহাৰত। চাচাৰামত এখন নিৰ্বাচনী জনসভা সম্বোধন কৰি কাশ্মীৰৰ বিষয় উত্থাপন কৰি জনতাক আকৰ্ষণ কৰাৰ চেষ্টাত নামি পৰিছে প্ৰধানমন্ত্ৰী।

প্ৰধানমন্ত্ৰীৰ ৰেলীৰ প্ৰায় ১৮০ কিলোমিটাৰ দূৰত্বতে আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েই চলাইছে নিৰ্বাচনী প্ৰচাৰ। প্ৰধানমন্ত্ৰীৰ দৰে ৰাহুল গান্ধীৰো এয়া বিহাৰত প্ৰথম নিৰ্বাচনী প্ৰচাৰ। নৱাদ জিলাৰ হিছুৱা বিধানসভা সমষ্টিত আয়োজিত নিৰ্বাচনী ৰেলীত ৰাহুল গান্ধীক সংগ দিছে বিৰোধী মহা মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা আৰজেডি নেতা তেজস্বী যাদৱে।

নিৰ্বাচনী সভা সম্বোধন কৰি বিহাৰত এনডিএ মিত্ৰজোঁটৰ ১৫ বছৰীয়া শাসনৰ এইবাৰ অন্ত পৰিব বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। বিজেপিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে, বিজেপিয়ে কেৱল জনতাক আভুৱা ভাঁৰিবহে জানে। বাস্তৱত একো উন্নয়ন সম্ভৱ নহয় বিজেপি চৰকাৰৰ দিনত।

আনফালে তেজস্বী যাদৱেও মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে জনসভাত। ১৫ বছৰীয়া শাসনত নীতিশ কুমাৰে কিমান জনক সংস্থাপন দিলে, কিমানটা উদ্যোগ স্থাপন কৰিলে বুলি প্ৰশ্ন কৰে তেজস্বী যাদৱে।