মৈৰাবাৰী আৰক্ষীৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান ।অভিযানত মৈৰাবাৰী স্হিত ৰদালি পথাৰৰ পৰা দুই জুৱাৰীক আটক।
মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত ৰদালি পথাৰৰ পৰা দুজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৈৰাবাৰী আৰক্ষী
আটকাধীন জুৱাৰী কেইজন ক্ৰমে মৈৰাবাৰীৰ ৩৫ বছৰীয়া ৰফিকুল ইছলাম আৰু আবুল ৰৌফ।
জানিব পৰা মতে ৰফিকুল ইছলাম আৰু আবুল ৰৌফৰ নেতৃত্বত বৃহত্তৰ ৰদালি পথাৰত নিতৌ চলে জুৱাৰ আড্ডা আৰু মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাব্বিৰ আলী আৰু উপ পৰিদৰ্শক ৰুদ্ৰ কান্ত বৰদলৈৰ নেতৃত্বত চলা এক অভিযানৰ ভিত্তিত ৰদালি পথাৰৰ পৰা আটক কৰে জুৱাৰী কেইজনক
জুৱাৰী কেইজনৰ পৰা তাচপাত আৰু নগত ৫০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰি আৰক্ষীৰ দলটিয়ে
ইফালে যুৱ-প্ৰজন্মক ধ্বংসৰ পথে ঠেলি দিয়া দুয়ো গৰাকী জুৱাৰীক আৰক্ষীয়ে মৰিগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰিছে
কৰিছে বুলি জানিব পৰা গৈছে।