দক্ষিণ কৃষ্ণপুৰৰ পৰা অপহৃত এগৰাকী কিশোৰীক শনিবাৰে মেঘালয়ৰ উমকিয়াঙত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সীমান্ত সুৰক্ষা বাহিনীয়ে।
খবৰ অনুসৰি, সোণাইৰ চুজেন লস্কৰ নামৰ এজন যুৱকে দক্ষিণ কৃষ্ণপুৰৰ এগৰাকী কিশোৰীক অপহৰণ কৰা সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰে।
মেঘালয়ৰ মালিদৰৰ সমীপত এখন বাছৰ পৰা উদ্ধাৰ কৰে অভিযুক্ত যুৱক আৰু ভুক্তভোগী কিশোৰীগৰাকীক।
মেঘালয়ৰ উমকিয়াঙৰ সমীপৰ এখন যাত্ৰীবাহী বাছক সীমান্ত আৰক্ষীয়ে অপহৰণ কৰা কিশোৰীগৰাকীৰ সৈতে অভিযুক্তৰ অৱস্থানৰ তথ্য লাভ কৰি আটক কৰে।
দুয়োকে এতিয়া পুনৰ শিলচৰলৈ লৈ যোৱা হৈছে।
ইফালে, আইন অনুসৰি অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।