মৃত্যুৰ পিছত পুনৰ জনমৰ আশাৰে শ্ৰীলংকাত আত্মহত্যা ধৰ্মগুৰুসহ ৭ জনৰ

132

মৃত্যুৰ পিছত পুনৰ লভিৱ পাৰি মনুষ্য জীৱন। এই অন্ধ বিশ্বাসৰে বলি হৈ শ্ৰীলংকাত এজন ধৰ্মগুৰুসহ ৭ জন লোকে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃ্ত্যুৰ তদন্তৰ পিছত আৰক্ষীয়ে দাবী কৰা মতে, শীঘ্ৰে পুনৰ জনম লাভৰ মানসেৰেই আত্মহত্যা কৰে আটাইকেইজনে। নিহত সকলৰ ভিতৰত আছে তিনিটা শিশুও।

প্ৰাথমিক তদন্ত অনুসৰি, ৪৭ বৰ্ষীয় বৌদ্ধ ধৰ্মগুৰু ৰুৱন প্ৰসন্ন গুণাৰত্নেয়ে প্ৰায়ে তেওঁৰ ধৰ্মসভাত পুনৰ জনমৰ কথা কৈ আহিছিল। শ্ৰীলংকাৰ বিভিন্ন প্ৰান্তত ভুলকৈ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ চলাই অহাৰ অভিযোগ উঠিছিল গুণাৰত্নেয়ে। তেওঁ তেওঁৰ ধৰ্মধ্বনিত দাবী কৰিছিল যে আত্মহত্যাৰ পিছত অতি সোনকালে মনুষ্য জীৱন লাভ কৰিব পাৰি। আৰক্ষীৰ দাবী অনুসৰি, গুণাৰত্নেয়ে প্ৰথমে কেমিকেল লেবত কাম কৰিছিল যদিও পিছত এই কাম এৰি ধৰ্মগুৰু হিচাপে বৌদ্ধ ধৰ্মৰ প্ৰচাৰত নামি পৰিছিল।

কিন্তু ২৮ ডিচেম্বৰত নিজৰ ঘৰতে বিহপান কৰি আত্মহত্যা কৰে গুণাৰত্নেয়ে। আৰু ইয়াৰ পিছতে তিনি সন্তানৰ খাদ্যত বিহ মিহলাই হত্যা কৰি নিজেও আত্মহত্যা কৰে ধৰ্মগুৰুজনৰ পত্নীয়েও। আৰক্ষীয়ে ধৰ্মগুৰুৰ পৰিয়ালৰ ৫ জনৰ মৃত্যুৰ তদন্ত কৰি প্ৰথম অৱস্থাত এয়া আৰ্থিক সমস্যা বা পাৰিবাৰিক কাৰণত কৰা আত্মহত্যা বুলি সন্দেহ কৰিছিল যদিও তদন্ত আগুৱাই নিয়াৰ লগে লগে অনেক বিস্ফোৰক তথ্য পোহৰলৈ আহে। ধৰ্মগুৰুৰ পৰিয়ালৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উপস্থিত থকা ৩৪ বৰ্ষীয় পিৰাতি কুমাৰ নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰি আৰক্ষীয়ে জেৰা চলোৱাত জানিব পাৰে যে ধৰ্মগুৰুৰ লগতে তেওঁৰ গোটেই পৰিয়ালটো পুনৰ জনমৰ ওপৰত বিশ্বাস কৰিছিল।

আনকি পিৰাতি কুমাৰেও পুনৰ জনমৰ দাবীত বিশ্বাস কৰি বিগত কেইবছৰমানৰ পৰা ধৰ্মগুৰুজনৰ পৰিয়ালত ৰীতি-নীতিত ভাগ লৈ আহিছিল। ইফালে আৰক্ষীৰ জেৰাৰ মাত্ৰ কিছুদিনৰ পিছতে ২ জানুৱাৰীত এখন হোটেলত নিচাজাতীয় সামগ্ৰী সেৱন কৰি আত্মহত্যা কৰে পিৰাতি কুমাৰেও।

একে সময়তে ধৰ্মগুৰুজনৰ সৈতে বিগত কেইবা বছৰৰ পৰা জড়িত হৈ থকা আন এগৰাকী মহিলাইও আত্মহত্যা কৰাত সমগ্ৰ ঘটনা পুনৰ জনম লাভৰ অন্ধ বিশ্বাসৰ বাবেই সংঘটিত হোৱা বুলি সন্দেহ দৃঢ় হয় আৰক্ষীৰ। উল্লেখ্য যে, ৫ বছৰ পূৰ্বে তদ্ৰুপ ঘটনা সংঘটিত হৈছিল দিল্লীতো, য’ত একেটা পৰিয়ালৰ ১১ জন লোকে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ দিল্লীত সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ।

ভাটিয়া পৰিয়ালৰ এই নিহত সকলৰ ভিতৰত আটাইতকৈ বৰ্ষীয়ান আছিল পৰিয়ালৰ মুৰব্বী নাৰায়ণ দেৱী (৭৭)। ইয়াৰ উপৰিও তেওঁৰ জ্যেষ্ঠ পুত্ৰ ইয়াৰ উপৰিও তেওঁৰ জ্যেষ্ঠ পুত্ৰ ভৱনেশ ওৰফে ভূপ্পী (৫০), দ্বিতীয় পুত্ৰ ললিত (৪৫) আৰু তেওঁলোকৰ পত্নী সবিতা (৪৮) আৰু টিনা (৪২)ইও চিপ লৈ আত্মহত্যা কৰিছিল।

অন্যহাতে ভূপ্পীৰ দুই কণমানি কন্যা আৰু এজন নাবালক পুত্ৰৰ লগতে ললিতৰ ১৫ বছৰীয়া পুত্ৰকো মৃত অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। আটাইকেইজনৰে মৃতদেহ চিপ লোৱা অৱস্থাত ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰিছিল চুবুৰীয়াই। আৰক্ষীয়ে তদন্তৰ সময়ত ভাটিয়া পৰিয়ালৰ বাসগৃহৰ পৰা দুখন টোকাবহী উদ্ধাৰ কৰিছিল, য’ত কেৱল লিখা আছিল আধ্যাত্মিকতা আৰু মৃত্যুৰ পিছৰ মোক্ষ লাভৰ কথা।