ষ্টাফৰিপৰ্টাৰ, ২২ জুন : “ৰাজ্যৰ ২৩ লাখ নিবনুৱাৰ সংস্থাপনৰ সমস্যা আজিও সমাধান নহ’ল। বিগত বৰ্ষত বানপানীত ৰাজ্যত প্ৰায় ৫৭ লাখ লোক প্ৰভাৱিত হৈছিল আৰু প্ৰায় ৯৭ জন লোক মৃত্যু মুখত পৰিছিল। আজি পৰ্যন্ত বান গৰাখহনীয়াৰ সমস্যা সমাধান নহ’ল-এইদৰে কয় অসম নিৰ্মাণ দলৰ সভাপতি উপেন ৰাজ নাথে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলযোগে সভাপতি গৰাকীয়ে লগতে কয় “১৯৪০ চনত মাজুলীৰ মাটি কালিৰ পৰিমাণ আছিল ৭৩৩.৭৯ স্কুৱেৰ কিলোমিটাৰ আৰু আজি সেই মাজুলীৰ মাটি কালিৰ পৰিমাণ ৩৫২ স্কুৱেৰ কিলোমিটাৰ হ’ল। মাজুলীক ৰক্ষা কৰাৰ বাবে বিজেপি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইখন চৰকাৰে পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিৰে অসমৰ অৰ্থনীতি বিপৰ্যস্ত কৰিছে। ভেট আৰু আৱকাৰী শুল্ক বঢ়াই দিয়াৰ বাবে পেট্ৰল, ডিজেলৰ মূল্য আকাশলংঘী হৈছে। বিজেপি য়ে যি জনসম্পৰ্ক কাৰ্যসূচী আৰম্ভ কৰিছে তাৰ জৰিয়তে তেওঁলোকে “কা” আন্দোলনৰ শ্বহীদ পৰিয়ালসকলৰ ঘৰত গৈ তেওঁলোকৰ ক্ষতিপূৰণ দিবলৈ চেষ্টা কৰক। বনপীড়িতক ক্ষতি পূৰণ, নিবনুৱাক সংস্থাপন দিয়ক। লগতে ৬ নং দফাৰ উন্নীতকৰণ কৰি এন আৰ চি উন্নীতকৰণৰ তথ্য ৰাইজক জনাওঁক। নগাঁৱ, কাছাৰ কলৰ পৰিয়ালৰ কাষলৈ গৈ তেওঁলোকৰ অভাৱ অভিযোগ ৰ বুজ লওঁক। বাঘজানৰ ৰাইজৰ যি ক্ষতিপূৰণ হ’ল কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক তাৰ ক্ষতি পূৰণ দিবলৈ আমি আহ্বান জনালোঁ। লগতে ব্ৰহ্মপুত্ৰ খননৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰক। আনহাতে “কভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ যি সময়ত লকডাউনৰ প্ৰয়োজন নাছিল সেই সময়ত চৰকাৰ খনে লকডাউন দিলে। সেইয়া চৰকাৰ খনৰ ভুল সিদ্ধান্ত।
তাৰ পাছত তেওঁলোকে ২০২১ চনত ১০০ টা চিটৰ অলিক সপোন দেখাটো হাস্যৰস। এইখন চৰকাৰে এতিয়াও যদি কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনেহলে ২০২১ চনৰ নিৰ্বাচনত অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ ভোটৰ জৰিয়তে দিব।
