মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণ কাণ্ডৰ মাষ্টাৰমাইণ্ড জাকিউৰ ৰহমান লখবীক গ্ৰেপ্তাৰ

63

ডিজিটেল ডেস্কঃ ২০০৮ জনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণকাণ্ডৰ মাষ্টাৰমাইণ্ড জাকিউৰ ৰহমান লখবীক অৱশেষত গ্ৰেপ্তাৰ কৰে পাকিস্তানৰ আৰক্ষীয়ে। লস্কৰ-ঈ-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জাকিউৰক শনিবাৰে পাকিস্তানৰ পঞ্জাৱ ক্ষেত্ৰত গ্ৰেপ্তাৰ কৰা হয়। পাকিস্তান আৰক্ষীয়ে সন্ত্ৰাসবাদীক আৰ্থিক সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে জাকিউৰ ৰহমান লখবীক।

পাকিস্তানৰ CTDয়ে জানিবলৈ দিয়া মতে, সন্ত্ৰাসবাদীক বিত্তীয় সহযোগ জাৰি ৰখাৰ অভিযোগত লখবীক গ্ৰেপ্তাৰ কৰা হৈছে। লখবীয়ে এখন ডিচপেঞ্চাৰীৰ আঁৰ লৈ সন্ত্ৰাসবাদীৰ বাবে ধন সংগ্ৰহ কৰি আহিছিল বুলি জানিব পৰা গৈছে। লখবীৰ নামৰ সন্ত্ৰাসবাদীৰ তালিকাত সূচীবদ্ধ হোৱাৰ পিছতে পাকিস্তানৰ আৰক্ষীয়ে লখবীৰ সম্পত্তি আৰু বেংক একাউণ্ট জব্দ কৰিছিল।