মুম্বাইৰ শিৱাজী পাৰ্কত এয়াৰ ষ্ট্ৰাইকৰ ভাবুকি, হাই এলাৰ্ট জাৰি

214

গণৰাজ্য দিৱসত এয়াৰ ষ্ট্ৰাইকৰ ভাবুকিৰ বাবে মুম্বাইৰ শিৱাজী পাৰ্ক অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে।

সেই অনুসৰি ২৬ জানুৱাৰীত অঞ্চলটোৰ ওপৰত ‘ন’ ফ্লাইং জ’ন’ ঘোষণা কৰা হ’ব।

মুম্বাই আৰক্ষীয়ে এক বিবৃতিযোগে সদৰী কৰিছে এই কথা।

বিবৃতিটোত উল্লেখ কৰা মতে, সন্ত্ৰাসবাদীয়ে শিৱাজী পাৰ্কত এয়াৰষ্ট্ৰাইকৰ ভাবুকি প্ৰদান কৰাৰ পিছতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা।

সন্ত্ৰাসবাদীৰ যিকোনো কূটাঘাত প্ৰতিৰোধ কৰিবলৈ মুম্বাইত সাজু কৰি ৰখা হৈছে আৰক্ষীক।