মুম্বাইৰ পৰা গুৱাহাটীত আহি উপস্থিত হ’ল ১৩৭ জন কৰ্কট ৰোগী

88

ষ্টাফ ৰিপোৰ্টাৰ, ১২ মে ‘: মুম্বাইৰ অসম ভৱনৰ বিষয়া দেৱাশীষ শৰ্মাৰ নেতৃত্বত এখন বাছেৰে গুৱাহাটীত উপস্থিত হোৱা ৰোগীসকলৰ স্ক্ৰিনিং কৰোৱা হয় সৰুসজাইত। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বুজ লয়। স্ক্ৰিনিঙৰ পিছতে আটাইকে কোৱাৰানটাইন কৰোৱা হ’ব।