মুম্বাইৰ তাৰকাযুক্ত হোটেলত কৰা হব কোভিড ৰোগীৰ চিকিৎসা

76

কোৰোনাৰ শেহতীয়া পৰিস্থিতিৰ লক্ষ্য ৰাখি চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে মুম্বাই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে চিকিৎসা সেৱাৰ বাবে পঞ্চতাৰকা আৰু চাৰি তাৰকা হোটেলসমূহ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

এক খবৰ অনুসৰি, এই পঞ্চ আৰু চাৰি তাৰিকা হোটেলসমূহত কম গুৰুতৰ আৰু চিকিৎসাৰ প্ৰয়োজন নথকা কোভিড আক্ৰান্ত ৰোগীসকলক স্থানান্তৰিত কৰা হব। কোৰোনাৰ ভয়াবহ সংক্ৰমণ প্ৰতিৰোধ আৰু চিকিৎসালয়ত স্থানৰ অভাৱৰ বাবেই এনেদৰে হোটেলসমূহক চিকিৎসায়লৈ পৰিৱৰ্তিত কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।