মুছলমান, মাদ্ৰাছাক লক্ষ্য কৰি লৈ আতংকৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি চৰকাৰেঃ বদৰুদ্দিন আজমল

135

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু আৰ এছ এছে ভীতিগ্ৰস্ত কৰিবলৈ মুছলমান, মাদ্ৰাছা, মছজিদক লক্ষ্য কৰি লৈছে বুলি বুধবাৰে এ আই ইউ ডি এফৰ মুৰব্বী তথা লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলে দাবী কৰে।

“২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই মুছলমান, মাদ্ৰাছা, মছজিদৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। তেওঁলোকে ভাবে যে মুছলমানৰ প্ৰতি লক্ষ্য বৃদ্ধি হ’লে তেওঁলোকৰ ভোট বৃদ্ধি হ’ব। ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে মুছলমানক ভয় খুৱাই দিয়াটো তেওঁলোকৰ কাম। বিজেপিক মুছলমানৰ ভোটৰ প্ৰয়োজন হৈছে।” গতিকে, মুছলমানৰ ওপৰত তেওঁলোকৰ আক্ৰমণ বৃদ্ধি পাইছে, যাতে, ভয় খোৱা মুছলমানসকলে তেওঁলোকক ভোট দিয়ে।” বদৰুদ্দিন আজমলে কয়।

তেওঁ আৰু কয় যে আগন্তুক দিনত এই ধৰণৰ আক্ৰমণ বৃদ্ধি হ’ব পাৰে কাৰণ তেওঁলোকে এতিয়া নিৰ্বাচনত পৰাস্ত হোৱাৰ ভয়ত আছে।

ৰাজ্যৰ মাদ্ৰাছাৰ বিৰুদ্ধে অসম চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে কোৱাত বদৰুদ্দিন আজমলে কয় যে, এই ধৰণৰ ব্যৱস্থা গ্ৰহণযোগ্য নহয়।

“মাদ্ৰাছা ভাঙিবলৈ আমি সমৰ্থন নকৰো। ধৰ্মীয় শিক্ষাৰ বাহিৰেও মাদ্ৰাছাত সাধাৰণ শিক্ষাও পাঠদান কৰা হয়। প্ৰয়োজন হ’লে আমি ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাম। যদি কোনো বেয়া উপাদান থাকে তেন্তে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বেয়া উপাদানৰ বিৰুদ্ধে আমি বিৰোধিতা নকৰো। কিন্তু মাদ্ৰাছা ভাঙি পেলোৱাটো গ্ৰহণযোগ্য নহয়।’-আজমলে কয়।

“ধৃত ব্যক্তিজনৰ লগত জেহাদ, সন্ত্ৰাসৰ সম্পৰ্ক প্ৰমাণ কৰাটো চৰকাৰৰ কৰ্তব্য। আমাৰ কৰ্তব্য নহয়। যদি চৰকাৰে কোনো ব্যক্তিৰ বিৰুদ্ধে কিবা প্ৰমাণ পাইছে তেন্তে সেই ব্যক্তিজনৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল’ব পাৰে। কিন্তু, মাদ্ৰাছা ভাঙি পেলোৱাটোৱেই হ’ল।” গ্ৰহণযোগ্য নহয়।দেশক স্বাধীন কৰি তোলাত মাদ্ৰাছাৰ বৰ বৰ অৱদান আছে।এই মাদ্ৰাছাসমূহৰ উলামাসকলে ইংৰাজসকলক ইয়াৰ পৰা খেদি পঠিয়াইছিল।মাদ্ৰাছাৰ জনসাধাৰণে গান্ধীজীক গান্ধী কৰি তুলিছিল।এই মাদ্ৰাছাবোৰক আওকাণ নকৰিব।” আজমলে কয়।