অসম: বাক্সা জিলাৰ মুছলপুৰৰ লামিডৰাত এজন যুৱকৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। সোমবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰে পথৰ দাঁতিত পেলাই থৈ যায় মিণ্টু কলিতা নামৰ যুৱকজনৰ মৃতদেহ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ মিণ্টু কলিতা ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় কৰ্মী আছিল বুলি জানিব পৰা গৈছে।
কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও স্থানীয় লোকে ৰাজনৈতিক কাৰণতে যুৱকজনক এনেদৰে হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। ইফালে মুছলপুৰ আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।