‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা’ আঁচনি মুকলি

201

‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা’ আঁচনি মুকলি। গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটেৰে জড়িত মহিলাসকললৈ সুবিধা। গ্ৰামাঞ্চলৰ ৩৯ লাখ মহিলাই লাভ কৰিব আঁচনিৰ সুবিধা। আঁচনিখনৰ বাবে কেইবাটাও চৰ্ত আৰোপ ৰাজ্য চৰকাৰৰ। সাধাৰণ জাতি আৰু OBCৰ মহিলাৰ থাকিব নোৱাৰিব তিনিটাতকৈ অধিক সন্তান। মৰাণ, মটক জনগোষ্ঠীৰ মহিলাৰ থাকিব লাগিব ৪টাকৈ সন্তান। অনুসূচিত জাতি-জনজাতিৰ মহিলাৰো ৪টাতকৈ অধিক হ’ব নোৱাৰিব সন্তান। এই আঁচনিৰ জৰিয়তে প্ৰথম বছৰত পাব ১০ হাজাৰকৈ টকা। দ্বিতীয় বছৰত বেংকে ১২,৫০০ টকা আৰু চৰকাৰে দিব ১২,৫০০ টকা। ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ পঞ্চায়তত উপলব্ধ হ’ব প্ৰ-পত্ৰ।