মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়াঃ জনতাই নিৰ্বাচিত কৰা বিধায়কক গুৰুত্বহীন কৰাৰ চেষ্টা

153

আচৰিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা! জনতাই ভোটদানেৰে প্ৰতিনিধি নিৰ্বাচিত কৰা এগৰাকী বিধায়কৰ অধিকাৰ কাঢ়ি নিয়াৰ কৌশল প্ৰস্তুতত নামি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সমষ্টিত জনতাই নিৰ্বাচন কৰা বিধায়তকৈও ‘লবী’ কেন্দ্ৰিকতাৰে দায়িত্ব লাভ কৰা মন্ত্ৰীক অধিক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

দৰাচলতে সৰভোগত এখন সভাত অংশ লৈ মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিত বিধায়কৰ কাম নাই বুলি একপ্ৰকাৰ ঘোষণা কৰিলে। তেওঁ সৰভোগৰ উদাহৰণ দি কয় যে সৰভোগত যদিও চিপিআইএমৰ বিধায়কে জয়লাভ কৰিছে, কিন্তু সৰভোগ সমষ্টিৰ বাবে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসহে। তেওঁ অভিৱাৱক মন্ত্ৰীৰ দায়িত্বতো আছে। সেয়ে সমষ্টিটোত ৰঞ্জিত কুমাৰ দাসে যি কয় সেয়াহে হব। বিধায়কজনৰ কাম কেৱল বিধানসভাৰ ভিতৰতহে সীমাবদ্ধ।

সমষ্টিত কোনে ঘৰ পাব, বিডিঅ’, এছপি-ডিচিয়ে কাৰ কথা শুনিব সেয়া কেৱল মন্ত্ৰীয়েহে সিদ্ধান্ত ল’ব, বিধায়কে নহয় বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ড০ শৰ্মাৰ এনে মন্তব্যত এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, শিৱসাগৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈয়ে সোমবাৰে সমষ্টিটোৰ বিভিন্ন চৰকাৰী কাৰ্যালয় পৰিদৰ্শন কৰিছিল। সেই সময়ছোৱাত তেওঁ কৰ্মত গাফিলতি নকৰিবলৈ আৰু দুৰ্নীতিত লিপ্ত নহ’বলৈ চৰকাৰী বিষয়াসকলক সকিয়নী দি কৈছিল যে যদি তেওঁৰ মতে নচলে তেন্তে শিৱসাগৰ ত্যাগ কৰক।

চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ অকৰ্মণ্যতা আৰু দুৰ্নীতিৰ বিৰুদ্ধে অখিল গগৈয়ে গ্ৰহণ কৰা তৎপৰতাৰ এদিন পিছতে মুখ্যমন্ত্ৰীয়ে সৰভোগত একপ্ৰকাৰ বিধায়কৰ পাখি কাটিবলৈ কৰা চেষ্টাত এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ এনে দমনমূলক নীতিক তীক্ষ্ণ ভাষাৰে সমালোচনাও কৰিছে ৰাজনৈতিকভাৱে সচেতন নাগৰিকে।