অসমৰ ৱেব পৰ্টেল Asom Live24ৰ মুখ্য সম্পাদকৰ দায়িত্বৰ পৰা পদত্যাগ জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ। বিবেকৰ দংশনত ভুগি তেওঁ এই সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে।
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বাতৰি পৰিবেশনৰ চেনেলটো ব্যৰ্থ হোৱাৰ বাবে তেওঁ মুখ্য সম্পাদক হিচাপে তীব্ৰ অস্বস্তিত ভুগিছিল বুলি মন্তব্য কৰে অজিত কুমাৰ ভূঞাই।
সামাজিক মাধ্যমত সাংবাদিকগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয় যে ,”মই মোৰ বিবেকৰ ওচৰত সৎ হৈ থাকিবলৈ মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মোৰ চেনেলে মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিৰ বাতৰি পৰিৱেশনত ব্যৰ্থ হৈছে, যাৰ বাবে মই এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিব নোৱাৰোঁ। ই অসমৰ সংবাদ মাধ্যমৰ গৌৰৱময় পৰম্পৰাৰ বিপৰীত কথা, যি অসমৰ সংবাদমাধ্যমে জৰুৰী অৱস্থা, অসম আন্দোলন আৰু ৯০ৰ দশকত যেতিয়া চৰকাৰে অসমৰ সংবাদ মাধ্যমৰ ওপৰত সকলো ধৰণৰ হেঁচা প্ৰয়োগ কৰিছিল; তেনে কঠিন সময়তো অসমৰ সংবাদ মাধ্যমে চাপৰ সন্মুখীন হ’বলৈ অস্বীকাৰ কৰিছিল।
আমি বৰ্তমান সময়ত এক জটিল সন্ধিক্ষণত আছোঁ আৰু এই মুহূৰ্তত প্ৰতিজন নাগৰিকে এটা স্থিতি গ্ৰহণ কৰিব লাগিব আৰু মই এজন নাগৰিক হিচাপে এটা স্থিতি গ্ৰহণ কৰিছোঁ।”
