মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দুমাহলৈ স্থগিত ৰাষ্ট্ৰীয় ঘাইপথত জৰিমনা সংগ্ৰহ নীতি

84

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাময়িকভাৱে বন্ধ হ’ল ৰাজ্যৰ ঘাইপথসমূহত জৰিমনা সংগ্ৰহ। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ সর্বোচ্চ গতিবেগ প্রতি ঘণ্টাত ১০০ কিঃমিঃ পর্যন্ত হোৱাৰ লগতে স্পর্শকাতৰ অংশসমূহত প্রতি ঘণ্টাত ৪০ কিঃমিঃ ধার্য কৰা সন্দৰ্ভত জনসাধাৰণৰ মাজত উপযুক্ত সচেতনতা গঢ়ি নুঠা পর্যন্ত এই গতিবেগ উলংঘা কৰা যান-বাহনৰ পৰা পৰৱর্তী কিছু দিনৰ বাবে জৰিমনা সংগ্রহ বন্ধ ৰাখিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে পথ সজাগতাৰ ওপৰত জনসচেতনতাৰ বাবে দুমাহজোৰা প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈকো পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহকে ধৰি প্রধান পথসমূহত থকা দুর্ঘটনাপ্রৱণ এলেকাসমূহ চিনাক্ত কৰি সেইসমূহত পর্যাপ্তসংখ্যক পথ নির্দেশনা ফলক স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে।

ইফালে ঘাইপথসমূহৰ কাষত থকা শিক্ষানুষ্ঠান, চিকিৎসালয় আদি স্পর্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই স্থানসমূহতো উপযুক্ত আৰু দৃশ্যমান ৰূপত পথ নির্দেশনা ফলক স্থাপনৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে।

স্পৰ্শকাতৰ পথত এনেধৰণৰ নিদের্শনা ফলক তথা গতিৰোধক স্থাপন কৰিবলৈ তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক ৩ মাহৰ ভিতৰত সম্পূর্ণ কৰি তুলিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ।