মুখ্যমন্ত্ৰীৰূপে শপত লৈয়ে বিতৰ্কৰ আৱৰ্তত পুস্কৰ সিং ধামী, ৬ বছৰ পুৰণি টুইটে লগাইছে খলকনি

93

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পিছতে বিতৰ্কৰ আওতাত সোমাই পৰিছে পুস্কৰ সিং ধামী। ৬ বছৰ পূৰ্বে ধামীয়ে কৰা এটা টুইটে সূচনা কৰিছে এই বিতৰ্কৰ। মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণৰ পিছত এই বিতৰ্কই এতিয়া তুমুল চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, ৬ বছৰ পূৰ্বে, অৰ্থাৎ ২০১৫ চনৰ ১৪ আগষ্টত অখণ্ড ভাৰত দিৱসৰ লগত সংগতি ৰাখি পুস্কৰ সিং ধামীয়ে ভাৰতৰ এখন মানচিত্ৰ টুইট কৰিছিল। অখণ্ড ভাৰত আখ্যা দিয়া ভাৰতৰ মানচিত্ৰখনত পিছে নাছিল পাক অধ্যুষিত কাশ্মিৰ, লাডাখ আৰু লক্ষদ্বীপ।

তাৰ পিছতে এতিয়া বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে পুস্কৰ সিং ধামীক। লাডাখ, লক্ষদ্বীপ বা পাক অধ্যুষিত কাশ্মীৰ অবিহনে কেনেদৰে অখণ্ড ভাৰত হব পাৰে বুলি বিৰোধীয়ে প্ৰশ্ন কৰাই নহয়, এখন ভুল মানচিত্ৰ টুইট কৰি ভাৰতীয়ক অপমান কৰা বুলিও মন্তব্য কৰে বিৰোধীসকলে।

৬ বছৰ পুৰণি এই টুইটটোক এতিয়া গুৰুত্ব দিছে নেটিজেন সকলেও। ছ’চিয়েল মিডিয়াত নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে অখণ্ড ভাৰতৰ এনে এক ভুল ব্যাখ্যা আগবঢ়োৱাৰ পিছতো কিয় তেওঁৰ বিৰুদ্ধে ইমান বছৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল বুলি প্ৰশ্নৰ উত্থাপন হৈছে।