আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত লব ড০ হিমন্ত বিশ্ব শৰ্মাই। দিনৰ ১২ বজাত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া শপত গ্ৰহণৰ পূৰ্বে পুৱা শুৱালকুছিৰ শ্ৰীশ্ৰীঈশ্বৰ হাটী সত্ৰত উপস্থিত হৈ আশীষ লয় ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে দৌল গোবিন্দ মন্দিৰত উপস্থিত ডঃ শৰ্মা। তাৰ পিছতে কামাখ্যা পীঠ দৰ্শন কৰি ৰাজ্যখনৰ সকলোৰে সুস্বাস্থ্য, শান্তি তথা সমৃদ্ধি কামনা কৰে ড০ শৰ্মাই।
