সদ্যসমাপ্ত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিশাল জয়ৰ পিছত আজি দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’লে যোগী আদিত্যনাথে। মুখ্যমন্ত্ৰীৰ উপৰিও আজি দুজন উপ মুখ্যমন্ত্ৰীকে ধৰি ৫২ জন নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। উল্লেখ্য যে, এইবাৰ মন্ত্ৰীসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লোকসভা সমষ্টি বাৰাণসীৰ পৰা তিনিজন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে।
উত্তৰ প্ৰদেশৰ কেবিনেটত মুখ্যমন্ত্ৰীকে ধৰি ৫২ জন মন্ত্ৰী থাকিব। কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠকে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
যোগী কেবিনেটত ১৮ জন কেবিনেট মন্ত্ৰী, ১৪ জন স্বতন্ত্ৰ দায়িত্বৰ ৰাজ্যিক মন্ত্ৰী আৰু ২০ জন ৰাজ্যিক মন্ত্ৰী আছে। যোগী মন্ত্ৰীসভাত স্থান লাভ কৰা মন্ত্ৰীসকল হৈছে-
১. কেশৱ প্ৰসাদ মৌৰ্য — উপ মুখ্যমন্ত্ৰী
২. ব্ৰজেশ পাঠক — উপ মুখ্যমন্ত্ৰী
৩. সূৰ্য প্ৰতাপ শ্বাহি — মন্ত্ৰী
৪. সুৰেশ কুমাৰ খান্না — মন্ত্ৰী
৫. স্বতন্ত্ৰ দেৱ সিং — মন্ত্ৰী
৬. বেবী ৰাণী মৌৰ্য — মন্ত্ৰী
৭. লক্ষ্মী নাৰায়ণ চৌধুৰী — মন্ত্ৰী
৮. জয়বীৰ সিং — মন্ত্ৰী
৯. ধৰমপাল সিং — মন্ত্ৰী
১০. নন্দ গোপাল গুপ্তা ‘নন্দী’ — মন্ত্ৰী
১১. ভূপেন্দ্ৰ সিং চৌধুৰী — মন্ত্ৰী
১২. অনিল ৰাজভৰ — মন্ত্ৰী
১৩. জিতেন প্ৰসাদ — মন্ত্ৰী
১৪. ৰাকেশ চাচান — মন্ত্ৰী
১৫. অৰবিন্দ কুমাৰ শৰ্মা — মন্ত্ৰী
১৬. যোগেন্দ্ৰ উপাধ্যায় — মন্ত্ৰী
১৭. আশীষ পেটেল — মন্ত্ৰী
১৮. সঞ্জয় নিশাদ — মন্ত্ৰী
১৯. নিতিন আগৰৱালা — ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
২০. কপিল দেৱ আগৰৱালা – ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
২১. ৰবীন্দ্ৰ জয়ছোৱাল — ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
২২. সন্দীপ সিং – ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
২৩. গুলাব দেৱী — ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
২৪. গিৰীশ চন্দ্ৰ যাদৱ — ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
২৫. ধৰমবীৰ প্ৰজাপতি — ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
২৬. অসীম অৰুণ — ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
২৭. জে.পি.এছ. ৰাঠৌৰ — ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
২৮. দয়াশংকৰ সিং — ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
২৯. নৰেন্দ্ৰ কাশ্যপ – ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
৩০. দিনেশ প্ৰতাপ সিং — ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
৩১. অৰুণ কুমাৰ চাক্সেনা – ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
৩২. দয়াশংকৰ মিশ্ৰ ‘দয়ালু’ – ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
৩৩. মায়াংকেশ্বৰ সিং — ৰাজ্যিক মন্ত্ৰী
৩৪. দিনেশ খতিক — ৰাজ্যিক মন্ত্ৰী
৩৫. সঞ্জীৱ গণ্ড — ৰাজ্যিক মন্ত্ৰী
৩৬. বলদেৱ সিং ওলাখ — ৰাজ্যিক মন্ত্ৰী
৩৭. অজিত পাল — ৰাজ্যিক মন্ত্ৰী
৩৮. যশৱন্ত চাইনী — ৰাজ্যিক মন্ত্ৰী
৩৯. ৰামকেশ নিশাদ — ৰাজ্যিক মন্ত্ৰী
৪০. মনোহৰ লাল মান্নু কোৰি — ৰাজ্যিক মন্ত্ৰী
৪১. সঞ্জয় গাংৱাৰ — ৰাজ্যিক মন্ত্ৰী
৪২. ব্ৰজেশ সিং — ৰাজ্যিক মন্ত্ৰী
৪৩. কে.পি. মালিক — ৰাজ্যিক মন্ত্ৰী
৪৪. সুৰেশ ৰাহি — ৰাজ্যিক মন্ত্ৰী
৪৫. সোমেন্দ্ৰ তোমাৰ — ৰাজ্যিক মন্ত্ৰী
৪৬. অনুপ প্ৰধান ‘বাল্মীকি’ — ৰাজ্যিক মন্ত্ৰী
৪৭. প্ৰতিভা শুক্লা — ৰাজ্যিক মন্ত্ৰী
৪৮. ৰাকেশ ৰাঠৌৰ গুৰু — ৰাজ্যিক মন্ত্ৰী
৪৯. ৰজনী তিৱাৰী — ৰাজ্যিক মন্ত্ৰী
৫০. সতীশ শৰ্মা — ৰাজ্যিক মন্ত্ৰী
৫১. ডেনিছ আজাদ আনছাৰী — ৰাজ্যিক মন্ত্ৰী
৫২. বিজয় লক্ষ্মী গৌতম — ৰাজ্যিক মন্ত্ৰী
