কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা নাৰায়ণ ৰাণেৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক কৰা বিতৰ্কিত মন্তব্যৰ পিছতে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে মহাৰাষ্ট্ৰৰ পৰিস্থিতি। খবৰ অনুসৰি, কেন্দ্ৰীয় মন্ত্রী ৰাণেৰ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৈছ শিবসেনাই। আনহাতে কোনো কোনো ঠাইত মন্ত্ৰীগৰাকীৰ পোষ্টাৰত ছাই আৰু গোবৰ সানিও প্ৰতিবাদ কৰিছে শিবসেনাৰ কৰ্মীয়ে। ইফালে কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে শিৱসেনাই দাখিল কৰা এজাহাৰৰ পিছত নাছিক আৰক্ষীয়ে ৰানেক গ্ৰেপ্তাৰ কৰাৰ বাবেও প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, সোমবাৰে মাহাদত এক সংবাদ মেল সম্বোধন কৰিছিল কেন্দ্ৰীয় মন্ত্রী নাৰায়ণ ৰানেয়ে। তাত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে স্বাধীনতা দিৱস সম্পৰ্কে একো নাজানে বুলি কটাক্ষ কৰিছিল মন্ত্ৰীগৰাকীয়ে। কেৱল সেয়াই নহয়, সাংবাদিকৰ সন্মুখত উদ্ধৱ থাকৰেক কানতলীয়া চৰ শোধোৱাব বুলিও মন্তব্য কৰিছিল নাৰায়ণ ৰানেয়ে। কেন্দ্ৰীয় মনৰগৰাকীৰ এনে মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সমগ্ৰ দেশত।
এগৰাকী সাংবিধানিক পদত অধিষ্ঠিত মুখ্যমন্ত্ৰীক চৰ মাৰিব বুলি কোৱাক লৈ উত্তপ্ত হৈ পৰে মহাৰাষ্ট্ৰ। যাৰ পৰিণতিত শিৱসেনাৰ সদস্য-কৰ্মীয়ে মুম্বাইস্থিত নাৰায়ণ ৰানেৰ বাসগৃহৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰীজনক গ্ৰেপ্তাৰৰ দাবী জনায়।