অসম-মেঘালয়ৰ সীমান্তৰ মুক্ৰ’ত সংঘটিত গুলীচালনাক কেন্দ্ৰ কৰি বৰ্তমানো অব্যাহত আছে উত্তেজনা।
দুয়োখন ৰাজ্যৰ সীমান্তত সৃষ্ট প্ৰতিবাদমুখৰ পৰিস্থিতিৰ মাজত দেওবাৰেও অসম আৰু মেঘালয়ৰ মাজৰ যাতায়ত ব্যহত হৈয়ে আছে।
পশ্চিম কাৰ্বি আংলং আৰু পূব জয়ন্তীয়া পাহাৰ জিলাৰ মাজৰ বিবাদিত অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ ব্যাপক নিয়োগ অব্যাহত আছে আৰু নিষেধাজ্ঞামূলক নিৰ্দেশ বলবৎ হৈ আছে।
মঙলবাৰে সংঘটিত হোৱা এই ঘটনাৰ পিছতে অসম আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যখনলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাই এক পৰামৰ্শ জাৰি কৰে।
মেঘালয়ৰ পৰিস্থিতি এতিয়াও সম্পূৰ্ণ শান্তিপূৰ্ণ নহয়। অসমৰ পৰা অহা মানুহ বা বাহনৰ ওপৰত আক্ৰমণ হ’ব পাৰে। সেয়েহে আমি মানুহক সেই ৰাজ্যলৈ যাত্ৰা নকৰিবলৈ কৈছো বুলি এজন আৰক্ষী বিষয়াই কয়।
যদি আচলতে কোনোবাই যাত্ৰা কৰিবলগীয়া হয় তেন্তে আমি তেওঁলোকক মেঘালয়ত পঞ্জীয়নভুক্ত বাহনেৰে যাবলৈ কৈছো বুলিও তেওঁ কয়।
গুৱাহাটীৰ যোৰাবাট আৰু কাছাৰ জিলাত অসমৰ পৰা মেঘালয়ত প্ৰৱেশৰ মূল দুই স্থানত আৰক্ষীৰ বেৰিকেড স্থাপন হৈ আছে।
অৱশ্যে ট্ৰাক, সামগ্ৰী কঢ়িয়াই নিয়া আৰু অন্যান্য সামগ্ৰীৰ দৰে বাণিজ্যিক বাহনৰ ক্ষেত্ৰত কোনো বাধা আৰোপ কৰা হোৱা নাই বুলি বিষয়াগৰাকীয়ে জনায়।
সংঘৰ্ষস্থলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত চি আৰ পি চিৰ ১৪৪ ধাৰাত নিষেধাজ্ঞা অব্যাহত আছে।