মুকেশ আম্বানীলৈ হত্যাৰ ভাবুকি, এজনক গ্ৰেপ্তাৰ

223

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা উদ্যোগপতি মুকেশ আম্বানীৰ পৰিয়ালে পুনৰবাৰ লাভ কৰিছে মৃত্যুৰ ভাবুকি। মুম্বাই আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰিছে। মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালৰ ডিছপ্লে নম্বৰত ৮টা ভাবুকিমূলক ফোন কল কৰা হৈছে। ফোন কৰাজনে তিনি ঘণ্টাৰ ভিতৰতে তেওঁৰ সমগ্ৰ পৰিয়ালটো ধ্বংস কৰি পেলোৱা হ’ব বুলি হুংকাৰ দিয়ে।

ডি বি মাৰ্গ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ সময়তে ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালৰ বিষয়াসকলে জনোৱা মতে, আজি মুঠ ৮ টা ফোন কৰি মুকেশ আম্বানীক ভাবুকি দিয়া হৈছে। এই কথা নিশ্চিত কৰাৰ সময়তে আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আমি চিকিৎসালয়খনৰ পৰা এজাহাৰ লাভ কৰিছো আৰু আমি ইয়াৰ তদন্ত আৰম্ভ কৰিছো।

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফোন কৰা বিষ্ণু বিধু ভৌমিক (৫৬)। তেওঁৰ বিৰুদ্ধে আই পি চিৰ ৫০৬(২) ধাৰাত এফ আই আৰ ৰুজু কৰা হৈছে। পুৱা ১০:৩৯ বজাৰ পৰা নিশা ১২:০৪ বজালৈ তেওঁ ব্যক্তিগত ফোনটোৰ পৰা ৮টা ভিন্ন নম্বৰত ৯টা কল কৰিছিল। তেওঁ বৰভালি ভেছ’ৰ বাসিন্দা।

ইয়াৰ পূৰ্বে ২০২১ চনত মুকেশ আম্বানীৰ মুম্বাইৰ এন্টিলিয়াৰ বাসগৃহৰ বাহিৰত ২০ টা জেলেটিন ষ্টিক থকা এখন গাড়ী উদ্ধাৰ হৈছিল। এই বাহনত এখন নোটও উদ্ধাৰ কৰা হৈছিল য’ত মুকেশ আৰু তেওঁৰ পত্নী নীতা আম্বানীক মৃত্যুৰ ভাবুকি দিয়া হৈছিল। এন্টিলিয়াৰ ওচৰত উদ্ধাৰ হোৱা এছ ইউ ভি খনৰ ভিতৰত কিছু নম্বৰ প্লেটও উদ্ধাৰ কৰা হৈছে আৰু এই নম্বৰ প্লেটবোৰ আম্বানীয়ে পহৰা দিয়া বাহন সমূহৰ নম্বৰ প্লেটৰ সৈতে মিল খাইছিল।