মীৰাবাঈ চানুঃ ধনুৰ্বিদ হোৱাৰ সপোন দেখিছিল, কিন্তু বিশ্ব জিনিলে ভাৰত্তোলনেৰে

189

ডিজিটেল ডেস্কঃ শৈশৱত তেওঁ ধনুৰ্বিদ হোৱাৰহে সপোন দেখিছিল। কিন্তু সেই সপোন পূৰণ নহ’লেও আজি টকিঅ’ অলিম্পিকত সমগ্ৰ ভাৰতবাসীক গৌৰৱাম্বিত কৰিবলৈ সক্ষম হ’ল তেওঁ। হয়, আমি ক’ব বিচাৰিছো টকিঅ’ অলিম্পিকত ভাৰত্তোলনৰ ৪৯ কেজি শাখাত ৰূপৰ পদক অৰ্জনেৰে এই শাখাত অলিম্পিকত পদক জয় কৰা দ্বিতীয় গৰাকী ভাৰতীয় মহিলা মীৰাবাঈ চানুৰ কথা।

মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ এখন সৰু গাঁৱৰ এটা সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা মীৰাবাঈৰ সপোন যেন আজি বাস্তৱ হ’ল। ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত লাভ কৰা ব্যৰ্থতাৰ পিছত টকিঅ’ অলিম্পিকৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল মীৰাবাঈ চানুৱে। যাৰ বাবে আজি মুঠ ২০২ কেজি ভাৰত্তোলন কৰি ৰূপৰ পদক লাভ কৰে তেওঁ। অলিম্পিকত খিতাপ অৰ্জনকাৰী দ্বিতীয় গৰাকী ভাৰতীয় মহিলা ভাৰত্তোলক হিচাপেও ইতিহাস ৰচিবলৈ সক্ষম হ’ল মীৰাবাঈয়ে। ইয়াৰ পূৰ্বে ২০০০ চনত চিডনী গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰি ভাৰত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল কাৰনাম মালেশ্বৰীয়ে।

আজি সমগ্ৰ বিশ্বত ভাৰত্তোলক হিচাপে খ্যাতি লাভ কৰিলেও পিছে সৰুতে ধনুৰ্বিদ হোৱাৰহে সপোন দেখিছিল মীৰাবাঈয়ে। কাৰণ আছিল ধনুৰ্বিদসকলে পিন্ধা পোছাক। এটা সাক্ষাৎকাৰত মীৰাবাঈ চানুৱে কয়, ‘মোৰ আটাইকেইন দাদা-ভাইটিয়েই ফুটবল খেলিছিল। তেওঁলোকে ফুটবল খেলি সন্ধিয়া বোকা লগা পোছাকেৰে যেতিয়া ঘৰ সোমাইছিল, তেতিয়া মই ভাবিছিলো মই এনে খেল খেলিম, যি খেলত কাপোৰত দাগ নালাগিব আৰু দেখিবলৈও ধুনীয়া হব। খেলতেই মই কিবা এটা কৰাৰ কথা ভাবিছিলো যেতিয়া মই ধনুৰ্বিদ হোৱাৰ সপোন দেখিবলৈ লৈছিলো।’

২০০৮ চনত যেতিয়া চানুৰ বয়স ১৩ বছৰ, তেতিয়া তেও ধনুৰ্বিদৰ প্ৰশিক্ষণৰ বাবে ইম্ফলৰ ‘SAI’ চেণ্টাৰত ভৰ্তি হয়। কিন্তু তাত তেওঁ ধনুৰ্শিক্ষাৰ প্ৰশিক্ষণ লাভ নকৰিলে। যাৰ বাবে তেওঁৰ সমগ্ৰ জীৱনেই সলনি হৈ পৰে। কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ ফলত লাহে লাহে তেওঁ ভাৰত্তোলক হিচাপে পৰিচয় লাভ কৰিবলৈ ধৰে আৰু অৱশেষত ভাৰত্তোলক হিচাপেই বিশ্বজয়ৰ সিদ্ধান্ত লয় মীৰাবাঈ চানুৱে।

আজি টকিঅ’ অলিম্পিকত মীৰা বাঈৰ সফলতাত গৌৰৱাম্বিত সমগ্ৰ ভাৰতবাসী। অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বেই দেশবাসীয়ে সপোন দেখিছিল মীৰাবাঈক লৈ। আজি যেন সেই সপোন পূৰণ হোৱাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশ। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, দিল্লীৰ মুখ্যমন্ত্ৰী, ৰাহুল গান্ধী সকলোৱে আজি শুভেচ্ছাৰে উপচাই পেলাইছে মণিপুৰৰ এইগৰাকী বিশ্বজয়কাৰী যুৱতীক।