মিঞাৰ বাবে নহয়, প্ৰাকৃতিক দুৰ্যোগৰ বাবে বৃদ্ধি হৈছে পাচলিৰ দাম ।
উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ লৈ কৰা মন্তব্যৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই সন্দৰ্ভত খাৰুপেটীয়াৰ বালুগাও পাইকাৰী পাচলি বজাৰত একাংশ কৃষক তথা ব্যবসায়ীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – মিঞা ভগবান নহয় , মিঞাৰ বাবে অসমত বৰষুন- বানপানী নহয় , বানপানী মিঞাই সৃষ্টি নকৰে । বানপানী বৰষুণৰ ফলত পাচলি খেতি পচি নষ্ট হৈ উদং হৈ পৰিছে পথাৰ । বৰ্তমান পাচলি উৎপাদন স্থলীতেই নাই পাচলি । চাহিদা অনুসৰি উৎপাদন নথকা বাবেই প্ৰতিবছৰ এনে সময়ত পাচলিৰ দাম বৃদ্ধি হয় , এয়া স্বাভাৱিক । অত্যধিক বৰষুণ আৰু বানপানীৰ বাবেহে বৃদ্ধি হৈছে পাচলিৰ দাম মিঞাৰ বাবে দাম বৃদ্ধি হোৱা নাই । অসমীয়া যুৱক সকল ওলাই আহি পাচলিৰ ব্যবসায় কৰিলে আমি Well come জনাম । অসমীয়া লৰাই ব্যৱসায় কৰি কম দামত পাচলি দিলে আমিও কিনি খাব পাৰিম । যিমানেই মিঞা অসমীয়াক বিভাজন কৰিব বিছাৰিব সিমানেই মিলা প্ৰীতি বৃদ্ধিহে হব। মিঞা অসমীয়া মিলি চলিব এই অসম। অসমীয়াই মিঞাক আৰু মিঞাই অসমীয়াক কেতিয়াও বেয়া নাপায় । এয়া এক ৰাজনৈতিক ষড়যন্ৰ ।