মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰত চিলিণ্ডাৰ বিস্ফোৰণ

173

স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া মাৰ্ঘেৰিটাত চিলিণ্ডাৰ বিস্ফোৰণে আতংকৰ সৃষ্টি কৰে। মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বাসগৃহ সম্পূন্ন ভস্মীভূত। দেওবাৰে সন্ধিয়া প্ৰায় ৯ঃ৩০ বজাত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মুনি হালৈ নামৰ মহিলাগৰাকী বাসগৃহ প্ৰথমে অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ পাছতে পাকঘৰত থকা এটা চিলিণ্ডাৰ বিস্ফোৰণ হয় ফলত সম্পূন্ন বাসগৃহ জ্বলি যায়। বিধৱা মুনি হালৈৱে তথা স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি কোনো দুস্কৃতিকাৰিয়ে বাসগৃহটো জ্বলাই দিয়ে। ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অৱশ্য এই বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা নাই।