মাৰ্ঘেৰিটা বাসীৰ বাবে সুখবৰ

345

মাৰ্ঘেৰিটা বাসীৰ বাবে সুখবৰ।বিধায়ক ভাস্কৰ শৰ্মাই মুকলি কৰিলে এটা ৱেবচাইট। মাৰ্ঘেৰিটা পৌৰসভাৰ কাম-কাজ তথা সকলোধৰণৰ তথ্য লাভ কৰিবলৈ এতিয়া আপুনি আৰু কাৰ্যালয়লৈ আহিব নালাগে । http://margheritamb.com ত আপুনি ক্লিক কৰিলেই নিমিষতে চকুৰ সন্মুখত ভাঁহি আহিব সকলো তথ্য । আজি আনুষ্ঠানিক ভাৱে ৱেবচাইটো শুভ উদ্বোধন কৰে বিধায়ক ভাস্কৰ শৰ্মাই । পৌৰপতি আনন্দ শৰ্মাৰ পৌৰহিত্যত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বিধায়ক শৰ্মাই
ৱেবচাইট ৰাইজৰ সুবিধাৰ্থে মুকলি কৰি পৌৰসভাখনে খুব ভাল পদক্ষেপ লোৱা বুলি কৈ প্ৰশংসা কৰে । মাৰ্ঘেৰিটা পৌৰসভাৰ ৪নং ৱাৰ্ডত ভিজা আৰু শুকান দুইধৰণৰ জাৱৰ পৃথিকৰণৰ বাবে আজিৰে পৰা পাইলট প্ৰজেক্ট এটিও মুকলি কৰা হয় লগতে সেই জাৱৰ সমূহ পৃথকীকৰণৰ বাবে পৌৰসভাৰ তিনিখনকৈ নতুন গাড়ীৰ শুভ উদ্বোধন কৰে বিধায়ক শৰ্মাই । সভাত মাৰ্ঘেৰিটা পৌৰসভাৰ অন্তৰ্গত ভিন্ন ৱাৰ্ডৰ নতুনকৈ নিৰ্বাচিত হোৱা মুঠ ৪১জন প্ৰধানমন্ত্ৰী আবাস যোজনা চহৰাঞ্চলৰ হিতাধিকাৰীক চুক্তি পত্ৰ স্বাক্ষৰ আৰু অভিপ্ৰায় পত্ৰ বিতৰণ কৰে।