মাৰ্ঘেৰিটা – চাংলাং সংযোগী ঘাইপথ নিৰ্মানৰ দাবীত ৰাইজৰ পথ অৱৰোধ। অসম-অৰুণাচল চাংলাং সংযোগী পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক।অসম অধিনস্থ মাৰ্ঘেৰিটা পৰা অৰুণাচল সীমান্তলৈ প্ৰায় ৩/৪ কিঃমিঃ দৈঘ্য পথছোৱা যাতায়তৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে। এজাক বৰষুণতে পথছোৱা মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতসমূহ পানীয়ে উপচি পৰে। ফলত যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱা আশংকা থাকে। ৰাইজৰ লগতে স্থানীয় দল সংগঠনসমূহে বাৰাম্বা চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও গুৰুতৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।কতৃপক্ষ এনে অৱহেলা মনোভাৱৰ বাবেই আজি স্থানীয় ৰাইজে পথছোৱা অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ উপায়ুক্ত বাহনখনো এই অৱৰোধ বাবে বহু সময় আৱদ্ধ হৈ পৰিব লগা হয়। স্থানীয় প্ৰতিবাদী ৰাইজে অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ কৰিব বাবে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে।
