মাৰ্ঘেৰিটাত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত

111

মাৰ্ঘেৰিটাত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত।
চক্ৰটোৰ অন্যতম সদস্য খুকন মণ্ডলৰ গৃহত উদ্ধাৰ ৫২ টা মদৰ বটল আৰু ২ লাখ টকা ।. মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতাপ গগৈৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে চাংলাং তিনিআলি স্থিত পি বি মাৰুতি ৰিপিয়েৰিং চেন্টাৰ নামৰ গেৰেজত অতৰ্কিতে অভিযান চলাই তিনি দশমিক ২৬ গ্ৰাম হিৰ’ইন জব্দ কৰাৰ লগতে বুদ্ধ দে নামৰ এজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে পলাতক ববী দেব আৰু চানী মণ্ডলৰ গৃহত অভিযান চলায় ।
আৰক্ষীয়ে খুকন মণ্ডল নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ গৃহৰ পৰা বিভিন্ন ব্ৰেণ্ডৰ ৫২ টা সুৰাৰ বটলসহ ২ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় ।
মাৰ্ঘেৰিটাৰ চাংলাং তিনিআলিক ড্ৰাগছৰ ঘাটিলৈ পৰিণত কৰা অসাধু ব্যৱসায়ীকেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱাত স্থানীয় ৰাইজে সন্টুষ্টি প্ৰকাশ কৰিছে । এই অভিযান অধিক তীব্ৰতৰ কৰি ড্ৰাগছ ব্যৱসায়ী চক্ৰটোক সম্পূৰ্ণৰূপত উৎখাত কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।