মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু মেলানীয়া ট্ৰাম্প কোভিড পজিটিভ

56

ডিজিটেল ডেস্কঃ কোভিড-১৯ত আক্ৰান্ত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প। শুকুৰবাৰে টুইটযোগে এই কথা সদৰী কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে।

টুইটাৰত ট্ৰাম্পে তেওঁৰ আৰু মেলানীয়া ট্ৰাম্পৰ কোভিড পজিটিভ হোৱাৰ বিষয়ে জানিবলৈ দি লিখিছে, ‘আজি নিশা মোৰ আৰু মেলানীয়াৰ স্বাস্থ্য পৰীক্ষাত কোভিড পজিটিভ আহিছে। আমি আমাৰ কোৱাৰেণ্টাইন প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰিম।’