গুৱাহাটীঃ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ বিলাসী ঘড়ী চুৰি কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ৱাজিদ হুছেইনৰ পৰা উদ্ধাৰ কৰা হৈছে ডিয়েগো মাৰাডোনাৰ সৈতে সম্পৰ্কিত আন বহু মূল্যবান সামগ্ৰী। এই কথা নিশ্চিত কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জিপি সিঙে।
লক্ষণীয়ভাৱে, শনিবাৰে অসম আৰক্ষীয়ে ডুবাই আৰক্ষীয়ে প্ৰদান কৰা তথ্যৰ ভিত্তিত শিৱসাগৰৰ পৰা ডিয়েগো মাৰাডোনাৰ চুৰি হোৱা বিলাসী ঘড়ীটো উদ্ধাৰ কৰে আৰু ৱাজিদ হুছেইন নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
টুইটাৰত জি পি সিঙে কয় যে উদ্ধাৰ হোৱা বস্তুবোৰৰ ভিতৰত আছে জেকেট, ট্ৰেক পেণ্ট, পুতলা, স্কোয়াছ ৰেকেট, আইপেড, লাইটাৰ আদি।
শিৱসাগৰ জিলাৰ বাসিন্দা ৱাজিদ হুছেইনক ডুবাই আৰক্ষীৰ পৰা পোৱা তথ্যৰ ভিত্তিত তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।
ডুবাই আৰক্ষীৰ দ্বাৰা কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে জনোৱা অনুসৰি, ৱাজিদ হুছেইনে সীমিত সংস্কৰণৰ মাৰাডোনাই স্বাক্ষৰ কৰা হাবলট ঘড়ীটো চুৰি কৰ অসমলৈ পলাই আহিছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, ৱাজিদ হুছেইনে ডুবাইৰ এটা ব্যক্তিগত কোম্পানীত চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিল য’ত মাৰাডোনাৰ সামগ্ৰী সংৰক্ষণ কৰা হৈছিল। আগষ্টত, তেওঁ ভাৰতলৈ অহাৰ অনুমতি বিচাৰিছিল কিয়নো তেওঁৰ দেউতাক অসুস্থ আছিল। ৱাজিদ হুছেইন অতীতৰ কোনো অপৰাধমূলক ৰেকৰ্ড আছে নেকি আৰক্ষীয়ে অনুসন্ধান কৰি আছে।
