মাৰাঠী জনপ্ৰিয় অভিনেতা আশুতোষ ভাকৰেৰ আত্মহত্যা

85

ষ্টাফৰিপৰ্টাৰ, মাৰাঠী জনপ্ৰিয় অভিনেতা আশুতোষ ভাকৰে আত্মহত্যা কৰিছে।মহাৰাষ্ট্রৰ নানদেদ চহৰত নিজৰ ঘৰতেই চিপ লৈ আত্মহত্যা কৰে অভিনেতাজনে।মাত্ৰ ৩২ বছৰ বয়সতে নিজকে শেষ কৰি পেলালে আশুতোষে।আশুতোষৰ আত্মহত্যাৰ কাৰণ অৱশ্যে এই পর্যন্ত জানিব পৰা হোৱা নাই। জানিব পৰা মতে,যথেষ্টদিন ধৰি মানসিকভাৱে অৱসাদগ্ৰস্ত হৈ পৰিছিল আশুতোষ। কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত এটা ভিডিও শ্বেয়াৰ কৰিছিল আশুতোষে৷উল্লেখযোগ্য আশুতোষৰ পত্নী ময়ুৰী দেশমুখো অতি জনপ্ৰিয় অভিনেত্ৰী।