মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ মৃতদেহ, তীব্ৰ চাঞ্চল্য

84

বুধবাৰে মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰিৰ দেৱকটা নগৰত পুৱা এটা মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। এটা বস্তাত ভৰাই অঞ্চলটোৰ এটা দ’ নলাত পৰিত্যক্ত অৱস্থাত পেলাই থোৱা মৃতদেহটো পুৱা প্ৰত্যক্ষ কৰি মালিগাওঁ আৰক্ষী চকীত খবৰ দিয়ে স্থানীয় ৰাইজে। তাৰ পিছতে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী থানা আৰু গোশালা আৰক্ষী চকীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

আৰক্ষীৰ লোকে মৃতদেহটো উদ্ধাৰ কৰি মালিগাওঁ আৰক্ষী চকীলৈ লৈ আনে আৰু বস্তাটো খুলি চোৱাত মৃতদেহটো এজন পুৰুষৰ বুলি নিশ্চিত হয়। উল্লেখ্য যে, আৰক্ষীয়ে বৰ্তমানলৈকে মৃত লোকজনৰ কোনো পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই।

জিন্স আৰু চাৰ্ট পৰিহিত প্ৰায় ৪৫ বছৰীয়া সুঠাম দেহৰ পুৰুষজনক কোনে কি কাৰণত এনেদৰে হত্যা কৰি দ’ নলাত পেলাই থৈ গ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজৰ তদন্তও আৰম্ভ কৰিছে।