মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী কাকৰীপাৰাত বন্যহস্তীৰ তাণ্ডৱ ৷

230

মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী কাকৰীপাৰাত বন্যহস্তীৰ তাণ্ডৱ ৷

যোৱা কেইদিন ধৰি এজাক বন্যহস্তীয়ে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পাহাৰৰ পৰা নামি আহি মানকাচৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ যোৱা ৰাতি এনেদৰে বন্যহস্তীৰ এটা বৃহৎ দলে কাকৰিপাৰা গাওঁ পঞ্চায়তৰ বালুৰচৰ, বৰঝোৰা আদি অঞ্চলৰ ধান খেতিত নামি ধান খেতি তহিলং কৰে ৷ হাতীৰ তাণ্ডৱত আতংকিত হৈছে অঞ্চলবাসী ৷
ৰাতি গাওঁবাসীয়ে টিন, ঢোল বজাই, টৰ্চ লাইট জ্বলাই আৰু ফটকা ফুটাই হাতীৰ জাকটো খেদিবলৈ চেষ্টা কৰে ৷
ৰাইজে বিভিন্ন পন্থাৰে হাতীৰ দলটোক খেদি পঠাবলৈ সক্ষম হয় যদিও বৰ্তমানো গাওঁবাসী তথা দুখীয়া কৃষকে আতংকিত হৈ থাকিবলগীয়া হৈছে।