মাধমাৰ! নতুন বছৰৰ আৰম্ভণিতে পুনৰ প্ৰতি ইউনিউটত ১ টকাকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ APDCLৰ

141

নতুন বছৰতে আকৌ জনতাৰ ওপৰত পৰিব পাৰে মাধমাৰ।

এপিডিচিএলে নতুন বছৰত বিদ্যুতৰ হাৰ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়াৰ বাবে সাজু হৈছে।

প্ৰতি ইউনিউটিত পুনৰ ১ টকাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ প্ৰস্তাৱ এপিডিচিএলৰ।

এই প্রস্তাৱ বিদ্যুৎ নিয়ন্ত্রণ আয়োগলৈ প্রেৰণ কৰা হৈছে আৰু আয়োগে এই বৃদ্ধিৰ সন্দর্ভত আজি সিদ্ধান্ত ল’ব৷

সূত্ৰ অনুসৰি এপিডিচিএলে নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰাৰ লগতে গ্ৰাহকক উন্নত সেৱা আগবঢ়াবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে মাত্ৰ কেইদিনমানৰ আগতে প্ৰতি ইউনিটত ৩০ পইচাকৈ হাৰ বৃদ্ধি কৰা হৈছিল।

এপিডিচিএলে ২০২২ চনৰ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো শক্তি গ্ৰাহকৰ পৰা প্ৰতি ইউনিট হাৰত অতিৰিক্ত ৩০ পইচা বিদ্যুৎ লোৱাৰ সিদ্ধান্ত লৈছিল।

এই সন্দৰ্ভত ৯ ডিচেম্বৰত গ্ৰাহকসকলক এপিডিচিএলে নিৰ্দেশনা জাৰি কৰিছিল।