মাত্ৰ ৯ দিনত ভাৰতে সম্পন্ন কৰিলে ১কোটি কোৰোনা টেষ্ট…

57

ডিজিটেল ডেস্কঃ ভাৰতত প্ৰতিদিনেই দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোনা সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত দেশত ৮৫,৩৬২ জনৰ দেহত নতুনকৈ কোভিড সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে এই সময়ছোৱাত মৃত্যু ঘটিছে ১০৮৯ জনৰ। ইয়াৰ পিছতে দেশত কোভিড সংক্ৰমণৰ মুঠ সংখ্যাই ৫৯ লাখ অতিক্ৰম কৰিছে।

কিন্তু ইয়াৰ মাজতে ভাল খবৰ এয়ে যে কোভিড সংক্ৰমণ বৃদ্ধিৰ লগে লগে ভাৰতত কোভিড টেষ্টৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি কৰা হৈছে। যোৱা ৯ দিনত ভাৰতত ১ কোটি কোৰোনা টেষ্ট সম্পন্ন কৰা হৈছে। অৱশ্যেই ভাৰতবৰ্ষৰ বৃহৎ জনসংখ্যাৰ তুলনাত এই টেষ্টৰ সংখ্যা যথেষ্ট কম।

উল্লেখ্য যে, ৬ জুলাইত ভাৰতে ১ কোটি কোৰোনা টেষ্ট সম্পন্ন কৰিছিল। এই টেষ্ট সম্পন্ন কৰিবলৈ ভাৰতক সময় লাগিছিল ১৫৯ দিনৰ। কিন্তু তাৰ পৰৱৰ্তী ১ কোটি টেষ্ট সম্পন্ন হয় ২ আগষ্টত। ইয়াৰ বাবে সময় লাগিছিল মাত্ৰ ২৭ দিন। আনহাতে ভাৰতে ১৬ আগষ্টত মাত্ৰ ১৪ দিনৰ ব্যৱধানত ৩ কোটি টেষ্ট সম্পন্ন কৰিবলৈ সক্ষম হৈছিল। সেইদৰে ১২ দিনৰ সময় লৈ ৪ কোটি টেষ্ট ২৮ আগষ্টত, ১০ দিনৰ সময় লৈ ৭ ছেপ্তেম্বৰত ৫ কোটি কোৰোনা টেষ্ট সম্পন্ন কৰিছিল ভাৰতে।

ইয়াৰ পিছতে এতিয়া মাত্ৰ ৯ দিনৰ ভিতৰতে ১ কোটিকৈ টেষ্ট সম্পন্ন কৰিবলৈ সক্ষম হয় ভাৰত। ভাৰতে ৬ কোটি টেষ্ট সম্পন্ন কৰিছিল ১৬ ছেপ্তেম্বৰত আৰু ২৫ ছেপ্তেম্বৰত ভাৰতে ৭ কোটি কোৰোনা টেষ্ট সম্পন্ন কৰিবলৈ সক্ষম হয়। দ্ৰুততাৰে কোৰোনা টেষ্ট সম্পন্ন কৰি পজিটিভ ৰোগী সকলক যথা সময়ত চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হোৱা বুলি দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰিছে।