মাত্ৰ ৬০০ টকাতে দখল ৩০ একৰ মাটি দখল কৰিছিল গান্ধী পৰিয়ালেঃ বিস্ফোৰক অভিযোগ স্মৃতি ঈৰাণীৰ

130

২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পৰাস্ত কৰি আমেঠিৰ পৰা সাংসদ নিৰ্বাচিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ঈৰাণী পুনৰ এবাৰ সৰৱ হৈ পৰিছে কংগ্ৰেছৰ বিৰুদ্ধে। সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপিৰ সাংসদ স্মৃতি ঈৰাণীয়ে অভিযোগ কৰে যে গান্ধী পৰিয়ালে ‘ঔদ্যোগীকৰণ’ৰ নামত আমেঠিৰ কৃষক আৰু অন্যান্য লোকৰ পৰা মাটি দখল কৰিছিল। তেওঁ কয় যে সংখ্যালঘু ছাত্ৰীৰ বাবে ব্যৱহাৰ কৰিবলগীয়া মাটি এটুকুৰা গান্ধী পৰিয়ালে এটা কাৰ্যালয়ৰ বাবে দখল কৰিছিল।

স্মৃতি ঈৰাণীয়ে কয় যে মোক আচলতে বিশ্বাস কৰিব পাৰিব বুলি মানুহক পতিয়ন নিয়াবলৈ মোৰ কিছু সময় লাগিছিল। গান্ধী পৰিয়ালে ৰাইজৰ পৰা নিজৰ মাটি লুটি লৈছিল। সংসদত এই কথা কৈছোঁ। ৬০০ টকাত ভাড়াত লোৱা হৈছিল ৩০ একৰ মাটি। গান্ধী পৰিয়ালে তাত নিজৰ বাবে এটা সুন্দৰ আৰু আটকধুনীয়া কমপ্লেক্স নিৰ্মাণ কৰে। এটা ফাউণ্ডেশ্যনৰ মুৰব্বী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা ভাদ্ৰাই আমেঠিৰ কৃষকৰ মাটি দখল কৰিবলৈ নিৰ্দেশ দিব পাৰে, কিন্তু তেওঁলোকে উদ্যোগীকৰণৰ নামত এই মাটি ল’লে।

ঈৰাণীয়ে দাবী কৰে যে গান্ধী পৰিয়ালৰ বিৰুদ্ধে গৈ ধৰ্ণা দিয়া ছোৱালীকেইজনীক জেলত ভৰোৱা হৈছিল। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আমেঠিত ৰাহুল গান্ধীৰ হাতত পৰাস্ত হোৱা স্মৃতি ইৰাণীয়ে সেই পৰাজয়ৰ প্ৰতিশোধ ল’লে ২০১৯ চনত গান্ধীৰ পৰা আসনখন কাঢ়ি লৈ। ৪৭ বছৰীয়া ঈৰানী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ আটাইতকৈ কম বয়সীয়া সদস্য।