মাণিকপুৰ মানাহ নদীৰ দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

63

কোৰোনাৰ বিভিষীকাময় পৰিস্থিতিৰ মাজতে আজি পুৱা বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগত থকা মানাহ নদীৰ ওপৰত থকা আৰ চি চি দলঙৰ তলত গছত উলমি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত্যদেহটো মাণিকপুৰ বৰবিলা গাঁৱৰ এজন মাছমৰীয়াৰ বুলি সন্দেহ কৰা হৈছে।

স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষী চকীত খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। একাংশ ৰাইজে সন্দেহ কৰা মতে, প্ৰায় ৪০ বৰ্ষীয় ব্যক্তিজনক কোনো লোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ প্ৰদান কৰাৰ চেষ্টা চলাইছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।