মাজৰবাৰী ছাগলীকাটাৰ পৰা চাৰিদিন ধৰি নিৰুদ্দেশ দুই বছৰীয়া শিশুসহ এগৰাকী বোৱাৰী।পৰিয়ালৰ মাজত হাঁহাকাৰ পৰিস্থিতি সৃষ্টি হয়।
চিলাপথাৰৰ সমীপৰ মাজৰবাৰী ছাগলীকাটাৰ পৰা চাৰিদিন ধৰি এটি দুই বছৰীয়া শিশুসহ এগৰাকী একৈশ বছৰীয়া বোৱাৰী নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি প্ৰায় তিনিবছৰৰ পূৰ্বে মহাৰাণীপুৰৰ পাৰ্বতী ৰাজবংশীৰ লগত দীৰ্ঘসময় প্ৰেমৰ পিছত ধেমাজিৰ আদালতৰ জৰিয়তে বিবাহ হৈছিল ছাগলীকাটাৰ আনন্দ তালুকদাৰৰ পুত্ৰ আৰাধন তালুকদাৰৰ লগত । দুই বছৰৰ পূৰ্বে তেওঁলোকৰ মাজলৈ আহিছিল পুত্ৰ ৰোহিত তালুকদাৰ । শেহতীয়াকৈ পোন্ধৰ দিনৰ পূৰ্বে স্বামী আৰাধন তালুকদাৰ কৰ্মসংস্থাপন বিচাৰি কেৰেলালৈ যায় । ৰহস্যজনকভাৱে যোৱা ১৩ মেৰ পুৱা প্ৰায় চাৰি বজাত দুই বছৰীয়া পুত্ৰ ৰোহিত সহ নিৰুদ্দেশ হয় পাৰ্বতী ৰাজবংশী । পৰিয়ালৰ লোকে গুৱাহাটী, বৰপেটা আদিকে ধৰি সাম্ভাব্য সকলো স্থানতে বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই নিৰুদ্দিষ্ট মাতৃ-পুত্ৰৰ । পাৰ্বতীৰ নিৰুদ্দেশ সম্পৰ্কে তেওঁৰ পৰিয়ালে ডিমৌ তহলদাৰী চকীত যোৱা ১৪ মেত এখন নিৰুদ্দেশ সম্পৰ্কীয় জাননীও দাখিল কৰিছে । বোৱাৰী আৰু একমাত্ৰ নাতিৰ এইদৰে হোৱা নিৰুদ্দেশৰ বাবে ভাগি পৰিছে আনন্দ তালুকদাৰৰ পৰিয়ালটো । যদি কোনো লোকে পাৰ্বতীক দেখা পায় তেন্তে নিকটৱৰ্তী আৰক্ষী থানা বা পৰিয়ালৰ 9954489102 বা 9678930382 নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে পৰিয়ালৰ লোকে ।
