মাজুলীত ১৫ দিনৰ বাবে আন্তঃজিলা পৰিবহন আৰু ৰাজহুৱা যাতায়তত নিষেধাজ্ঞা

95

কোভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি মাজুলীত জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত মাজুলী জিলা উপায়ুক্তই ২১ মে’ অৰ্থাৎ শুকুৰবাৰৰ পৰা বলবৎ হোৱাকৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।

জিলা প্ৰশাসনৰ নিৰ্দেশানুসৰি, শুকুৰবাৰৰ পৰা ১৫ দিন পৰ্যন্ত বন্ধ থাকিব আন্তঃজিলা পৰিবহন আৰু ৰাজহুৱা যাতায়ত সেৱা। প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত এই পৰিবহন ব্যৱস্থা বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছে। এই নিষেধাজ্ঞাৰ পৰা কিছু নিৰ্দিষ্ট জৰুৰী সেৱাৰ সৈতে জড়িত ব্যক্তিক ৰেহাই দিয়া হৈছে|