মাজুলীত পৰকীয়া প্ৰেমে প্ৰাণ ল’লে যুৱকৰ

86

মাজুলীত পৰকীয়া প্ৰেমে প্ৰাণ ল’লে যুৱকৰ। এগৰাকী বোৱাৰীৰ সৈতে থকা অবৈধ প্ৰেমৰ সম্পৰ্কৰ বাবেই ২২ বৰ্ষীয় যুৱক জিতুল নাটে এক পৰিকল্পিত হত্যাকাণ্ডৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ঘটনা সন্দৰ্ভত মাজুলী আৰক্ষীয়ে ইতিমধ্যে চেনাই পাহাদী নামৰ মহিলাগৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে, জিতুল নাটে আৰু চেনাই পাহাদী নামৰ বিবাহিতা মহিলাগৰাকীৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু মহিলাগৰাকীয়ে আন এজন পুৰুষৰ সৈতে সম্পৰ্ক গঢ়ি তোলাত জিতুল নাটে আৰু মহিলাগৰাকীৰ মাজত মতানৈক্যৰ সৃষ্টি হয়। তাৰ পৰিণতিতে মহিলাগৰাকীয়ে এজন লোকৰ সহায় লৈ জিতুলক বিহ খুৱাই হত্যা কৰে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। চেনাই পাহাদী নামৰ মহিলাগৰাকীক উচিত শাস্তি বিহাৰো দাবী উত্থাপন হৈছে।