মাজবাট আৰক্ষীৰ বৃহৎ সফলতা।
লালপানী আৰক্ষী চকীৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ পাহাৰপুৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।
৪ খনকৈ বিলাসী বাহনৰ পৰা জব্দ হৈছে ৬৩০ কিলোগ্ৰাম গাঞ্জা।
গোপন খবৰৰ ভিত্তিত শুকুৰবাৰে পুৱা আৰক্ষীয়ে চলাইছিল অভিযান।
অৰুণাচলৰ পৰা অসমলৈ সৰবৰাহ কৰিছিল এই বৃহৎ পৰিমাণৰ গাঞ্জা খিনি।
মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে পি শৰ্মাৰ নেতৃত্বত চলিছিল এই অভিযান।
অভিযান কালত এজন গাঞ্জা সৰবৰাহকাৰী আটক কৰিছে মাজবাট আৰক্ষীয়ে।
আটকাধীন গাঞ্জা সৰবৰাহকাৰী গৰাকীৰ নাম অনচাই দৈমাৰী।
অনচাই দৈমাৰীৰ ঘৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত আদৰ্শ বাহাদুৰ গাঁৱত।
আনহাতে গাঞ্জা কঢ়িয়াই অনা বাহনৰ পৰা পলায়ন কৰে ৫ জনকৈ লোকে।
গাঞ্জা কঢ়িয়াই অনা বিলাসী বাহন কেইখনৰ নম্বৰ হৈছে- I20 AS06Q 0877, AS 12V 0868( I20) AR 01J 2843( swift Dizere) AS01 AF8841 ( INDIGO CS)।
ইতিমধ্যে মাজবাট আৰক্ষীয়ে নিজাববীয়া কৈ গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
