মাঘ মাহৰ দ্বিতীয় দিনটো প্ৰচণ্ড শীতে ৰাজ্যবাসীক কঁপাইছে। গুৱাহাটী, যোৰহাট, লখিমপুৰ, ডিব্ৰুগড়কে ধৰি কেইবাখনো জিলাত ঘন কুঁৱলীৰ আচ্ছাদন দেখিবলৈ পোৱা গৈছে। এই ঘন কুঁৱলীৰ বাবে যান বাহন চলাচলত বাধাৰ সৃষ্টি হৈছে।
বুধবাৰে গুৱাহাটীত নূন্যতম তাপমাত্ৰা ১৩ ডিগ্ৰী আৰু সৰ্বাধিক তাপমাত্ৰা ২৩ ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে। আজি বৰষুণৰ আশংকা ৯৭ শতাংশ থকাৰ লগতে কাইলৈও বৰষুণৰ বাবে গুৱাহাটীত ঠাণ্ডাৰ পৰিমাণ বৃদ্ধি পাব।