ম’হৰ মাংস খাই বিপাঙত পৰিল এখন গাঁৱৰ ৰাইজ

192

এইবাৰ দৰঙত পোহৰলৈ আহিছে ম’হ চুৰিৰ ঘটনা। বিগত কিছুদিন পূৰ্বে কামৰূপ জিলাৰ চন্দ্ৰপুৰৰ মাজৰ চাপৰি গাঁৱৰ পৰা চুৰি হয় ৪টাকৈ ম’হ । ঘটনা সংক্ৰান্তত ফালুমিয়া নামৰ ব্যক্তি জনে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । ৯ দিনৰ অন্তত বৃহস্পতিবাৰে দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত লটাখাট বজাৰৰ মাজ মজিয়াত বিদ্যুতৰ খুটাত এটা ম’হ কোনো অচিনাক্ত ব্যক্তিয়ে বান্ধি থৈ যায়। তাৰ পিছতে আৰম্ভ হল হাহাকাৰ। ঘটনাৰ খবৰ পাই ম’হৰ গৰাকী ফালুমিয়াই ঘটনা স্থলীত উপস্থিত হৈ তেওঁৰ ম’হ বুলি চিনাক্ত কৰে। ম’হটো কোনে আনিছে বুলি ওচৰ-চুবুৰীয়াক শোধ-পোচ কৰাত কোনেও জ্ঞাত নহয় বুলি জনায়। অৱশেষত ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ম’হটোক ধূলা থানাৰ পৰা ফালুমিয়াই সমজি লয়। পৰৱৰ্তী সময়ত খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ঘেনামাৰি গাঁৱত জয়নাল নামৰ ব্যক্তি এজনে ম’হ কাটি মাংস বিক্ৰী কৰিছে বুলি খবৰ পোৱাত সাংবাদিকৰ দল এটাক লৈ ঘেনামাৰিলৈ ৰাওনা হয় মহৰ গৰাকী ফালুমিয়াই। তাৰ পিছত হে ওলাল ঘটনাৰ আচল ৰহস্য। ঘেনামাৰি গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক হুছেইন আলিৰ ভাস্যমতে বিগত কেইবাদিন ধৰি একেখন গাঁৱৰে জয়নাল আবদিন নামৰ ব্যক্তিজনে দুটা ম’হ গোপন কৰি ৰাখি অৱশেষত বৃস্পতিবাৰে পুৱতি নিশা এটা ম’হ কাটি মাংস বিক্ৰী কৰে। ঘটনা পোহৰলৈ অহাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলখনত। বৰ্তমান জয়নাল আবদিনৰ লগতে চুৰি কাৰ্যত জড়িত থকা ব্যক্তি কেইজন পলাটক অৱস্থাত আছে।