ডিজিটেল ডেস্কঃ বিহাৰত গৰম হৈ আছে নিৰ্বাচনী বতাহ। ইতিমধ্যে যোৱা ২৮ অক্টোবৰত ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে। অহা ৩ আৰু ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব ক্ৰমে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ইফালে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণক লৈ ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলাৰ সময়তে বৃদ্ধি পাইছে আক্ৰমণ-প্ৰত্যাক্ৰমণো। বিহাৰৰ শাসকীয় ৰাজনৈতিক দল জেডিইউৰ প্ৰতি অসন্তুষ্ট হৈ কংগ্ৰেছত যোগ দিয়া আৰু এইবাৰ ৰাজগীৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰবি জ্যোতি আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মাজৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ খেলখনে এতিয়া ৰাজ্যখনৰ ৰাজনৈতিক মহল গৰম কৰি ৰাখিছে।
উল্লেখ্য যে, দুদিন পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিসম্বাদী নেতা ৰবি জ্যোতিক আক্ৰমণৰ লক্ষ্য কৰি লৈ ‘যাৰ জন্ম য’ত হৈছে, তাক তালৈকে পঠিয়াই দিয়া হ’ব’ বুলি মন্তব্য কৰিছিল। নীতিশ কুমাৰৰ এই মন্তব্যক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। তাৰ পিছতে বৃহস্পতিবাৰে ৰবি জ্যোতিয়ে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দি আৰজেডিৰ নেতৃত্বৰ মহা মিত্ৰজোঁটবন্ধন দেখি নীতিশ কুমাৰে মানসিক সন্তোলন হেৰুৱাই পেলাইছে বুলি মন্তব্য কৰে।
প্ৰণিধানযোগ্য যে, আৰক্ষীৰ এনকাউণ্টাৰ স্পেচিয়েলিষ্ট হিচাপে বিশেষ নাম থকা ৰবি জ্যোতিয়ে ২০১৫ চনত জেডিইউৰ হৈ ৰাজগীৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। সেই নিৰ্বাচনত তেওঁ সমষ্টিৰ পৰা ৬ বাৰকৈ জয়লভা কৰা বিজেপি বিধায়ক তথা বৰ্তমানৰ হাৰিয়ানাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যক পৰাস্ত কৰিছিল। কিন্তু এইবাৰৰ নিৰ্বাচনত জেডিইউয়ে সত্যদেৱ নাৰায়ণ আৰ্যৰ পুত্ৰ কৌশল কিশোৰক সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষুব্ধ হৈ পৰে ৰবি জ্যোতি। যাৰ ফলত তেওঁ জেডিইউ ত্যাগ কৰি কংগ্ৰেছৰ হৈ সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লয়।
