গুৱাহাটী, ২১ ডিচেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ৰূপনগৰস্থিত গুৱাহাটী ইউনিটৰ প্ৰেক্ষাগৃহত শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ভাৰতী বিদ্যাপীঠ (ড্ৰিমড টু বি ইউনিভাৰ্চিটি) স্কুল অফ পাৰ্ফমিং আৰ্টচৰ উদ্যোগত “কলা-সেতু : সংস্কৃতিৰ এখন দলং” শীৰ্ষক এক সাংস্কৃতিক বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয় । কাৰ্যসূচীৰ আৰম্ভণিতে ভাৰতী বিদ্যাপীঠৰ সঞ্চালক অধ্যাপক শাৰংধৰ সাথে বন্তি প্ৰজ্বলন কৰে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক মৃণাল কুমাৰ বৰাই প্ৰতিষ্ঠানটোৰ পৰা অহা তেৰজন গণ্যমান্য ব্যক্তি, অধ্যাপক সদস্য আৰু ছাত্ৰ-ছাত্ৰীক আদৰণি জনায়। ভাৰতী বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানত ভাৰতনাট্যম, কথক, সত্ৰীয়া আৰু বিশ্ববিদ্যালয়খনৰ দুগৰাকী ছাত্ৰীয়ে গোৱালপৰীয়া লোকগীত, একক নৃত্য পৰিবেশন কৰে ৷ ভাৰতী বিদ্যাপীঠত কৰ্মৰত অসমৰ ড° দেৱীকা বৰঠাকুৰে সমগ্ৰ কাৰ্যসূচীৰ সমন্বয়ক দায়িত্ব বহন কৰে য’ত বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী ড° ডিম্পল শইকীয়াই সভাপতিত্বত কৰে ৷ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জনোৱা মতে, স্বাক্ষৰিত বুজাবুজি চুক্তিয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত সহায় কৰিব আৰু ই দুয়োটা সংস্থাৰ জৰিয়তে সাংস্কৃতিক বিনিময়ত সহায় কৰিব । তেওঁ লগতে কয় যে, বুজাবুজি চুক্তি অনুসৰি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে কম সময়ৰ ভিতৰতে ভাৰতী বিদ্যাপীঠত সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ বাবে ভ্ৰমণ কৰিব ।
Like this:
Like Loading...