মহাৰাষ্ট্ৰত থাকৰে নেতৃত্বাধীন চৰকাৰেই সম্পূৰ্ণ কৰিব ৫ বছৰীয়া কাৰ্যকালঃ সঞ্জয় ৰাউট

77

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মধ্যভাগী নিৰ্বাচনক লৈ চলা চৰ্চাক খাৰিজ কৰি শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে কয় যে মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাবিকাশ আঘাড়ী চৰকাৰেই ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব।

মঙলবাৰে ৰাউটে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এই চৰ্চা সন্দৰ্ভত কয় যে ৰাজ্যৰ নাগৰিকে বৰ্তমান নিৰ্বাচন বিচৰা নাই। উল্লেখ্য যে, ইয়াৰ এদিন পূৰ্বে বিজেপিৰ প্ৰদেশ সভাপতি চন্দ্ৰকান্ত পাটিলক মহাৰাষ্ট্ৰৰ মধ্যভাগী নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈ সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে কোনেও মধ্যভাগী নিৰ্বাচন নিবিচাৰে, কিন্তু কোনেও এখন অস্থায়ী চৰকাৰক স্বীকাৰ কৰিও ল’ব নোৱাৰে।

পাটিলৰ এই মন্তব্যৰ পিছতে সঞ্জয় ৰাউটে কটাক্ষ কৰি কয় যে নিৰ্বাচনী কাৰ্যসূচীৰ ঘোষণা কৰা নিৰ্বাচন আয়োগে হয়তো পাটিলক কিছু দায়িত্ব প্ৰদান কৰিছে আৰু সম্ভৱতঃ এই সম্পৰ্কে তেওঁৰ ওচৰত অধিক তথ্যও আছে। তেওঁ কয়, ‘মই চন্দ্ৰকান্ত পাটিলৰ মন্তব্য যোগাত্মক দৃষ্টিভংগীৰে ল’ব বিচাৰো। মহাৰাষ্ট্ৰৰ চৰকাৰে নিৰ্বাচন নিবিচাৰে, ময়ো এয়াই কৈ আছো যে নিৰ্বাচন অনুষ্ঠিত হ’ব নালাগে। সেইবাবে থাকৰে চৰকাৰেই ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব।’