ষ্টাফৰিপোৰ্টাৰ, ২২ মে’: “ক’ভিড-১৯ ৰ সময়ছোৱাত উদ্ভৱ হোৱা স্বাস্থ্যজনিত প্ৰত্যাহ্বান আৰু ইয়াৰ যৌগিক সমাধান”শীৰ্ষক বিষয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদস্থিত যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগে এখন দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় অনলাইন আলোচনা সত্ৰৰ আয়োজন কৰে। ২০ আৰু ২১ মে’ ত অনুষ্ঠিত হোৱা এই আলোচনা সত্ৰ সম্পৰ্কে আয়োজক সমিতিৰ হৈ সম্পাদক তথা বিভাগটোৰ সহযোগী অধ্যাপক ড°উজ্বল অৰুণ মাস্কেই এক বিবৃতি যোগে কয় “ভাৰতৰ লগতে ভাৰতৰ বাহিৰৰো সৰ্বমুঠ ৯৫০ গৰাকী অংশগ্ৰহণকাৰীয়ে এই আন্তঃৰাষ্ট্ৰীয় অনলাইন আলোচনা সত্ৰখনত অংশগ্ৰহণ কৰে ৷ অংশগ্ৰহণকাৰীসকলক এই আলোচনা সত্ৰখনিলৈ বিভাগটোৰ মুৰব্বী অধ্যাপক বলি নাৰায়ণ ফুকনে আদৰণি ভাষণেৰে স্বাগতম জনায় ৷ আলোচনা সত্ৰখন শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প কুমাৰ ডেকাই ৷ প্ৰথম দিনা আলোচনা সত্ৰখনৰ মুল বক্তৃতাটি প্ৰদান কৰে হৰিদ্বাৰৰ গুৰুকুল কাংগৰি বিশ্ববিদ্যালয়ৰ চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ ডীন অধ্যাপক ইশ্বৰ ভৰদ্বাজে ৷ এই আলোচনা সত্ৰখনত হৰিদ্বাৰ, চীন, পঞ্জাৱ, ছিমলা, ভিয়েটনাম, বাংগালোৰ আদিৰ লগতে ভালেকেইখন ঠাইৰ বিশ্ববিদ্যালয়সমূহৰ যোগ বিজ্ঞানৰ অধ্যাপকসকলে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি বিষয় সন্দৰ্ভত পুংখানুপুংখ বিশ্লেষণ আগবঢ়াই আলোচনা সত্ৰখন মনোগ্ৰাহী কৰি তোলে ৷মহামাৰী ক’ভিড-১৯ৰ এই সময়ছোৱাত স্বাস্থ্যৰ প্ৰতি ল’বলগীয়া সাৱধানতাৰ সম্পৰ্কত বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা এই সময়োপযোগী অনলাইন আলোচনা সত্ৰখনৰ ভূয়সী প্ৰশংসা কৰে সমল ব্যক্তিসকলৰ লগতে অংশগ্ৰহণকাৰীসকলেও৷ আলোচনা সত্ৰখনি সফলতাৰে সম্পন্ন হোৱাৰ বাবে বিশ্ববিদ্যালয়খনৰ গুৱাহাটী চৌহদৰ দায়িত্বত থকা বিষয়া তথা সহকাৰী প্ৰশাসনিক পঞ্জীয়ক ড°শেখৰ কান্তি সৰকাৰে সকলোকে ধন্যবাদ জনাই সুস্বাস্থ্য কামনা কৰে ৷
