মহানগৰ আৰক্ষীৰ জালত দুধৰ্ষ চোৰ জুবিন দাস

245

মহানগৰ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চোৰ জুবিন দাস। মালিগাঁৱৰ পৰা ৰে’ল সুৰক্ষা বাহিনীয়ে কৰায়ত্ব কৰি গতাই দিয়ে জালুকবাৰী আৰক্ষীক। ধৃত জুবিনৰ বিৰুদ্ধে মহানগৰীৰ ভিন্ন থানাত আছে কুৰিতকৈ অধিক গোচৰ। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সংঘটিত চেইন চুৰি, বাইক চুৰিৰ লগত জড়িত জুবিন। উল্লেখ্য, চুৰিকাণ্ড সংঘটিত কৰি এমাহ পূৰ্বে জে’লৰ পৰা ওলাই আহিছিল জুবিন দাস।