মহানগৰীৰ ৰূপনগৰ এলেকা আৰু মাজাৰ আৱাসস্থলী পৰিদৰ্শন মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

92

ষ্টাফৰিপৰ্টাৰ,
গুৱাহাটী মহানগৰীত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণত পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ কেইবাটাও পথ জলমগ্ন হৈ পৰিছে। শনিবাৰে গুৱাহাটী মহানগৰীৰ ৰূপনগৰ এলেকা আৰু মাজাৰ আৱাসস্থলী পৰিদৰ্শন কৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই। মন্ত্ৰী গৰাকীয়ে লগতে হৰৱালা পথৰ সমীপবৰ্ত্তী এ এছ টি চি পাম্পছেট থকা অঞ্চলত উপস্থিত হৈ তাৰ পৰিস্থিতিৰ বুজ লয়। পাম্পৰ জৰিয়তে পানী নিষ্কাষনৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ তেওঁ বিভাগীয় কতৃপক্ষক নিৰ্দেশ দিয়ে। মন্ত্ৰী গৰাকীয়ে লগতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত আৰু বিষয়াবৰ্গৰ সৈতে গুৱাহাটীৰ তৰুণ নগৰ অঞ্চল পৰিভ্ৰমণ কৰি কৃত্ৰিম বানপানীৰ বুজ লয় আৰু পানী পাম্পিং ব্যৱস্থাটো সুকলমে চলি থকা প্ৰত্যক্ষ কৰে। এই সময়ত পানী নিষ্কাষন কৰা পাম্পসমূহ পূৰ্ণ কাৰ্য্যদক্ষতাৰে চলি থকাটো অতিকৈ প্ৰয়োজনীয় বুলি কয়। তাৰ বাবে মন্ত্ৰী গৰাকীয়ে সকলো ধৰণৰ দৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয়।