মহানগৰীৰ হিট এণ্ড ৰাণ গোচৰ: GMCHত চিকিৎসাধীন এজন শ্ৰমিকৰ মৃত্যু

73

সুৰাসক্ত অৱস্থাত গাড়ী চলাই মহানগৰীৰ ৰাজপথত কৰ্মৰত শ্ৰমিকক মহতিয়াই নিছিল ৰাজকণ্যা বৰুৱাই। সেই ঘটনাত গুৰুত্বৰভাৱে আহত এগৰাকী শ্ৰমিকৰ বুধবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটে। মৃত্যুক সাৱটি লোৱা দুৰ্ভগীয়া শ্ৰমিক গৰাকীৰ নাম হৈছে জুছেফ মাৰাক।

যোৱা ২ অক্টোবৰত সুৰাসক্ত ৰাজকণ্যা বৰুৱাৰ বাহনৰ তলত পিষ্ট হৈ দুয়োখন ভৰি হেৰুৱাই পেলাইছিল জুছেফ মাৰাকে। তাৰ পিছতে সংকটজনক অৱস্থাত GMCH ত চিকিৎসাধীন হৈ আছিল তেওঁ। কিন্তু দীৰ্ঘদিন ধৰি বিচনাত পৰি থাকিবলগা হোৱাত হাওঁফাওঁলৈ তেজৰ সঞ্চালন বন্ধ হৈ আৰু সৰ্বশৰীৰৰ চেপ্তিক হোৱাৰ ফলত অৱশেষত শ্ৰমিক গৰাকীৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২ অক্টোবৰত গুৱাহাটীৰ ৰুক্মিণীগাঁও অঞ্চলত মাজনিশা সুৰাৰ পাৰ্টি কৰি অহা মডেল ৰাজকণ্যা বৰুৱাই পথৰ ওপৰত কাম কৰি থকা ৮ গৰাকী শ্ৰমিকক বাহনেৰে মহতিয়াই নিছিল। এই ঘটনাৰ পিছত বৰ্তমান ৰাজকণ্যা বৰুৱা কাৰাবন্দী হৈ আছে।